Lyrics

উভতি আজি কিনো হেঁপাহেৰে মচি সজাওঁ বাট! বিচাৰি আহি কিনো আৱেগেৰে আঁকি সলাওঁ সাজ! মিছা ভাষাত বিচাৰি ফুৰিলোঁ প্ৰেৰণা তুমিতো নাছিলা বুজিবলে' হতাশা দ্বিধা অপাৰ গচকি গঢ়িলোঁ ভৰসা মৰীচিকা সাৱটি ভাবিলোঁ ঠিকনা কোনেনো সুধিছে কিমান বিষাদ উশাহত? কোনেনো বুজিছে কিমান বেদনা পলাশৰ? আহি তুলি নধৰিবাঁ খহি খহি এতিয়া সহজ আহি হাতো নেমেলিবাঁ ভাঙি ভাঙি গঢ়িছোঁ নিজক উভতি আজি কিনো হেঁপাহেৰে মচি সজাওঁ বাট! বিচাৰি আহি কিনো আৱেগেৰে আঁকি সলাওঁ সাজ! বিৰিঙি গুচি গ'ল যি কথা, লিখিলোঁ বুকুত সৰকি হেৰাই গ'ল যি কথা সাঁচিলোঁ চকুত, নদীৰ আৱাহনে মাতি নিলে, কোনে জানিছিল মায়া! এতিয়া পোহৰে আকাশ সলালে এন্ধাৰ চিনাকি ভাষা এতিয়া বুকুৱে নাহাঁহে-নাকান্দে এলাগী কৰি বেথা আহি তুলি নধৰিবাঁ খহি খহি এতিয়া সহজ আহি হাতো নেমেলিবাঁ ভাঙি ভাঙি গঢ়িছোঁ নিজক উভতি আজি কিনো হেঁপাহেৰে মচি সজাওঁ বাট! বিচাৰি আহি কিনো আৱেগেৰে আঁকি সলাওঁ সাজ!
Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out